পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (৫৩)
দেৱাঙ্গী ইতৰ ভোগালি ভৈয়ামৰ
 সমনীয়া ডেকা গণ-
 চৰণ ছুই কৰিলোঁ পণ;—
এৰিলোঁ ভোগ-বিলাস,
 বুকুত বান্ধিলো সাহ,
সাজু হলোঁ ডেকা জাক
 থিৰ কৰি প্ৰাণ মন ,
ললোঁ সৱে গাত—দেশৰ সেৱাত
 প্ৰাণ দিম প্ৰতি জন।
ডেকা হৈ,   সোৰোপা পিত,
 মতা হৈ লাজুকা চিত!
ভীৰুৰ কি গুণ,—
 মিছ সাজ ধূন
 তাৰ কি ভোগ ভূষণ!
শক্তিৰ সাধনা মুক্তি আৰাধনা
 কৰোঁ আমি আজীৱন।

জেঠ,
১৮৫৫ শক