পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৪৫)

নুফুৰোঁ তোমাক খেদি আৰুতো মিছাই,
(তুমি) নিজে আহি ধৰা দিবা, জগত পিতাই।
 আৰুতো নিদিওঁ লৰ,
 নলগাওঁ ভাগৰ,
হিয়াৰ দুৱাৰ থৈছো মেলি আহিবা সোমাই।
 নোৱাৰাতো যাব এৰি
 দিন দুপৰৰ সজাগ বেলি,—
ৰমক-জমক বিশ্ব-জগত তোমাৰ পোহৰ পাই।
 গাই তোমাৰ গুণ গান
 —খলক লগাম কাণ,
কাল টোপনি যাব ভাঙি, তুলিম জগাই।
 মোৰ গীততে দিবাহি সুৰ
 পৰাণ পেলাই জুৰ;—
(তুমি) নিজৰ জ্যোতিত নিজে ধৰা পৰিবা দুনাই।

কাতি,
১৮৪৫ শক