পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৪৬)

 উজলি উদয় গিৰি
 মোহৰ কুঁৱলী ঠেলি
 ওলাল সোণালী বেলি
 অবিদ্যা-এন্ধাৰ নাশি
পুণ্য পৰবৰ দিনা
 বজাই মোহিনী বীণা—
আহিলা কমলাসীন।
 বিমানত আকাশী—
 দিয়া বোধ, দিয়া শক্তি
 দিয়া প্ৰীতি নীতি ভক্তি
 জ্ঞানৰ অখণ্ড জ্যোতি
 অন্তৰত বিকাশি।

মাঘ,
১৮৩৯ শক।