পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


( 88 )

কৰ পৰা যে মাতটি দিছা

 —দেখা হলে নাই,
কোন দূৰণিত লুকাই লুকাই  ললিত গীতটি গাই।
 অদভুত এই অজান পুৰী,
 নাজানোঁ তাৰ আঁতি গুৰি,—
কোন পাকে হাতত ধৰি নিছা আগুৱাই।
 তুমি যদি দুখত পেলাই ৰং চাব খোজা,
 —আনন্দে মই শিৰত তুলি লম বিপদ বোজা;—
তোমাৰ প্ৰসাদ জীৱন-মৰণ
 দুঃখ-দৈন্য কৰিম বৰণ
তোমাৰ মাথোঁ ইচ্ছা পূৰণ হ’ক দয়াময়।

⸺⸺

জেঠ,
১৮৩৭ শক