পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৪৩)


মোৰে গোঁসাই ঘৰত
কোনে নাম গালে?
পৰ্ব্বতত শুনিলোঁ ৰিঙি;-
মোৰে মন্দিৰত বন্তি লগালে,
পোহৰে যায় দেশ জিনি!
ফুলনিত কোনে  সজাই দিলে এনে
মন-লোভা-
শ্যাম-বৰণীয়া পাতে বিনন্দীয়া
ফুল-কোঁৱৰৰ ৰভা!
কাৰ নিশ্বাসৰ  বাৱ লাগি মোৰ
মালতী মুকলি হ'ল?
আজি দেখোঁ মোৰ  ফুলনিৰ গোন্ধে
গোটেই খন আমোল-মোল।

বহাগ,
১৮৩৮ শক