পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৪২)

আজিও বাজেনে সেইটি সুৰ—,

আজিও মুনিৰ তপোবন জিনি
 উঠেনে আৰাৱ চিৰ মধুৰ?
আজিও মুনিৰ মানস-কন্যা
—সাধনাৰ ধাৰা ললিতা কান্তা
 সুৰৰ ভাণ্ড—উল্লাস-কুণ্ড
  গীতৰ লহৰে কৰেনে পূৰ?
আকউ কাহানি সুৰ-কিন্নৰা
 শিখৰে শিখৰে হৈ আত্মহাৰা
  চিৰ সাধনাৰ দিব সমাচাৰ—
   মহা তপস্যাৰ বাণী নিগূঢ়?

⸺⸺

বহাগ,
১৮৩৬ শক