পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৪১)

শেৱালী ফুলৰ কৰণি লৈ

শৰতৰ পাচনী আহে
 গোন্ধত বাউলী হৈ;
 আদৰি ফুৰে ৰেণু সিঁচি,
 পাচে পাচে যায় মলয়ে বিচি,
জোনাকী-আমোল পাতে
 মোৰ পদূলিত ৰৈ;
 চন্দ্ৰাৱলীৰ আলি-জালি,—
 যমুনাৰ ৰূপালি বালি,
সপোন-পুৰীৰ  ৰাজ-কুঁৱৰীৰ
 ৰূপ-কথা কৈ—;
 কৰে মোৰ দুৱাৰ মুকলি,
 ভাঙে লাজ ভয় শিকলি,
 ফুৰো বাতুল হৈ
 শেৱালীৰ বনে বনে
 গন্ধ-মদিৰ অধীৰ মনে
সুদূৰ শূণ্যে নিৰজনে
 সুখৰ বাৰ্ত্তা লৈ।

⸺⸺

আহিন,
১৮৫৩ শক