পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


( 8০ )

বনৰীয়া—
 মাধৈলতা!
 ভৈয়ামতে ফুলিলি,
বতাহতে হালি জালি
 কালৈকেনো মেলিছিলি পাহি?
মলে মলাই সুগন্ধতে—
 জলে মলাই আনন্দতে—
লয় লাসে আলাসতে ভাহি
 কালৈকেনো মাৰিছিলি হাঁহি?
ৰদালিতে তিৰে বিৰাই
 জোনালিতে জিকে মিকাই
 ৰূপতে কি ঘূণে ধৰি
 নিশান্ততে মুদি নয়ন পাহি,—
 যৌৱনতে সৰি হলি বাহি!
—কালৈকেনো মেলিছিলি পাহি?

⸺⸺

চ'ত
১৮৫৪ শক

শ্ৰীফণীধৰ চলিহা।