পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৩৯)

স্বৰ্গৰ অপেশ্বৰা—
 অ’ লখাই তৰা!
  ভৈয়ামত জুৰালি বুক,—
পৰ্ব্বতৰে পৰা  পাতি থিয় গৰা
  নামনিত লুকালি মুখ।
বৈ যায় নৈ টি  কৈ যায় বতৰা
চাকতে পাক দি কান্দে  লখাইতৰা
  বিনাই কি জনমৰ দুখ!
আঁচলত কঁহুৱাৰ  ফুল বাছি দিলে
  বিৰিণাই ঢাকিলে বুক;
ঢৌৱে তিৰে বিৰায়  সাতেশৰী পিন্ধাই
  ন কইনা বৰিলে তোক—
 লখাইতৰা!—চাবকে নোৱাৰি মুখ!
পৰেবত খহালি  অমৃতে ভহালি
 ঢোলে পেপাই সাজি
  নাচি বাগি আজি
   ভৈয়ামৰ ভৰালি বুক!—

⸺⸺

বহাগ
১৮৫৩ শক