পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৩৬)

কুল্ কুল্ কৰি  শীতল জুৰি
 আকুল সুৰীয়া
আনন্দতে  উধাও হল,—
 মুকল-মূৰীয়া।
বেথাৰে উপচি যায়—
 খাল-বাম  ভিন-পৰ
 ভেদ-ভাৱ নাই—
চেনেহৰে  অমৃত জৰে
 সৰগ-পুৰীয়া
হাঁহি ৰঙৰ  বাতৰি কৈ
 সুৰত বলীয়া—।

⸺⸺

শাওণ,
১৮৫৮ শক