পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৩৭)

বৰাগী, গীত গা টোকাৰি লৈ।

সুৰৰ হিন্দোলে  পাৰ বাগৰিলে
 অমৃতৰ বোৱালি নৈ,—
 হে বৰাগী।

বাঢ়নি নিজৰা
 ডেও দি আহিলে
 গীতৰ ছেৱে ছেৱে বৈ,
মুকলি পথাৰৰ  পাতলী বতাহে
 বাও দি ফুৰিলে উতলা হৈ—
পখিলা নাচনী
 উঠে দেওধনী
 সুৰাঙী মেঠনি লৈ—
হে বৰাগী, সুৰতে সুৱাগী হৈ।

⸺⸺

আঘোন,
১৮৫৮ শক