পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩৫)

সূৰুয দিনকৰে  ভাগৰি পৰিলে

  লুইতৰ আঞ্চলত ধৰি,
সন্ধিয়াৰ পদূলিত  মেলানি মাগিলে
  ভাটি দেশ ৰাঙলী কৰি।
বণিজ গল ভটিয়াই
সোণৰ ডিঙৰা বাই
 শুকুলা পাল খন তৰি;
কাৰে মই কৰোঁ খেলা
এই সন্ধিয়া বেলা—
 যাওঁ মই কোন দিশ ধৰি?

⸺⸺

আঘোন
১৮৫৫ শক