পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰতিধ্বনি
 


(৩৪)

কাৰ পূজালৈ  খপিছিলিহি
 নিশা এৰাতি,—  বনৰ ফুল!
নিৰাশা লৈ   উভতিলি
  বুজি আজলী মনৰ ভুল।
হাবিৰ এদাঁতি,—নিৰল নিসঙ্গ;—
 পোহৰ এজাকি, নিষ্কলঙ্ক;—
 নিশাহ এছাটি, আমোল-মোল্,
 —ৰূপহ এপাহি বনৰ ফুল।

কেৱে নেচালে আপোন বুলি
 কেৱে সাদৰি নললে তুলি;
  সৰগৰ তই ৰূপ-কুঁৱৰী
   ভৈয়ামে তোৰ নেপায় মোল;—
  এৰাতি নিশাৰ বন-ফুল।

⸺⸺

পুহ

১৮৫৮ শক