পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৩২)

সখাৰ সতে  বহে সখি
 কিনো সমাজ পাতি—
ৰভা তলিত  সভা থলিত
   মধুমিলন ৰাতি
সখিৰ আজি  শুভ লগন,
গছে পাতে  সলায় বৰণ,
সুগন্ধতে  উধাও পৱন
 মাৰে শীতল ছাটি,—
হিয়াৰ সতে  হিয়া মিলাই
দিয়া সখিক  শুভ বিদায়
হক জয়-জয়;  থক মধুময়—
 সোণৰ ডোলে গাঁথি।

⸺⸺

বহাগ,

১৮৪১ শক