পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰতিধ্বনি
 

(৩৩)

ওপৰে মেঘাম্বৰ,
 ৰভা দি পুৰন্দৰ
অলকা-জীয়াৰীৰ  পাতিছে সয়ম্বৰ—
 উত্তৰ-পৰেবতে  উদুলি-মুদুলি
 কুবেৰৰ পদূলিত জলকে বিজুলী,
ঢোলে-ডগৰে  আহে পয়োভৰে;
 —চমকে বসুন্ধৰী।
 নীলা কৈ দূৰণি  টিলাটি শুৱনি,
তাতে ৰোহ ধৰিছে,  আজি কোন সুন্দৰী?
 দখিণৰ কোঁৱৰে  উৰি যায় উতৰে
 ধুমুহা-বিমান চৰি।

⸺⸺

চ’ত,

১৮৫৫ শক