পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰতিধ্বনি
 

(৩১)



ভুমুকি মাৰিলে হি-
 সোণামুৱা ঋতুৰাজে,
কিনো ৰঙৰ উলহ মালহ,-
 চাৰিফালে সাজে কাঁচে!
 ৰমক-জমক সোণৰ সপোন,
 নতুন আশা নতুন জীৱন-
 নতুন সুৰৰ উজান উঠে ;-
  বনে বনে খলক লাগে।
 ফুলৰ বনত উঠে ফুলি—
 ফুল-কুঁৱৰী বসুন্ধৰী—
 গোন্ধত বতাহ উগুল থুগুল;-
  চালি ধৰি নাচে বাগে।

———


চ'ত,
১৮৩৬ শক