এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
(২৭)
কপিলী আই ভৰিলি,
উপছি নো পৰিলি!
ধল-পানীৰ কোলা
সজাই নাগৰ দোলা—
পথাৰে সমাৰে গাওঁ মেৰে-মেৰে
দেশে বিদেশে ঘূৰিলি!
পাৰ ভাঙি সুঁতি
লগায় জোটা-পুটি
শিঙা-পেঁপা বজাই জান-জুৰি জগাই
—বাৰিষা উছৱ কৰিলি!
⸺⸺
১৮৫৬ শক |