পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(২৬)

 পৰ্বতীয়া হাবি লৰে চৰে—
দখিণী লাহেকৈ  সঁহাৰি দিলে ঐ
  —আলফুল মালতী চালি ধৰে!

এলাগী বনফুল  লাজতে তলমূৰ
 নেমেলে চকুৰ পতা,—
—কালৈনো মেলিবি  গোন্ধৰ সঁফুৰা
 বিলাবি বুকুৰ বেথা!

নিৰলে তল সৰি,  নীৰৱে যাৱ জহি
 —ৰেণু লৈ বতাহে বিনাই ফুৰে,
নাহৰৰ তলে তলে  নিজৰাৰ শিলে শিলে
 হুমুনীয়া কাঢ়ি ভাগৰি পৰে!

⸺⸺

পুহ,
১৮৫৩ শক