পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(২৮)

দে বৰষুণ দে,—
 —ডবা-পিটা দে—;
পালী-পহৰীয়া লগাই
 ঢোলে মৃদঙ্গে—।
কাজলী মেঘ, ঘোলা চকু,
 লো বিৰিঙে,  গধুৰ বুকু;—
 দে উবুৰিয়াই দে—
ওদোল-মোদোল সকল ফালে,
কলহ-কানে  পানী ঢালে,
লানি পাতি  দিনে ৰাতি
 হেঁপাহ পূৰাই দে;-
ঘৰ-পিৰালি পথাৰ তলী
 বানে বুৰাই দে—।

⸺⸺

শাওণ,
১৮৫৬ শক