পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 
 

(২৩)
ৰদ–কাঁচলি জিলি মিলি!
মেঘেৰে মাৰি ভুমুকি
চতৰ শেষত স্বপ্নাৱেশত
দেখা দিলা সখী,
ৰূপৰ জলক পৰিল ঢৌৱাই
ৰঙতে ৰঙে চৰাই;—

ৰঙতে উধাও ৰাংঢালী বাৱ, —নাচনী ৰচকী।
বনে বনে পখী পাৰিলে ৰা’,
শিঁয়ৰি উঠিল গা—
ক’ৰ আলহীৰ দিলা বাতৰি, চতৰ কটকী!

চ’ত,
১৮৪৮ শক