পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 
 

(২৪)
ৰমক জমক  নানা বৰণ
আকাশতে ধৰে পেখন,
—মেঘে শুৱনি!—!

সোণ-জিলিকা জলঙাৰে
কোন কোঁৱৰে উকি মাৰে
—ৰঙা মু’খনি!

বিলৰ পানী  সুৱণ-গোলা
ঢৌৱে আনে  ৰঙা-দোলা
সজাই লাৱণি;

পোহৰে লুকা ভাকু;—
পদুমীৰ আকুবিকু!
দোলাত চৰি মেলে চকু,
—গুচাই ওৰণি।

চত,
১৮৫৫ শক