পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 
 

(২২)
সাজি কাচি আজি লুইত
ডাঙৰীয়া,
কলৈ ওলালা—
চমক যে লগালা,—
ফেনে-ফুটুকাৰে
চাকেনৈয়া!
বৰুণদেৱে মাতিছে,
সবাহ খন পাতিছে;—
তালৈ লাগিছে
থৈয়া-নথৈয়া,—
বাৰিষাৰ ডাৱৰে
ঢোলে-ডগৰে,
ভৈয়ামৰ জান-জুৰি
কল্‌ কল্‌—আদৰে;
দিহিঙে-দৈয়াঙে
ভৰলী-মানাহে
দুকাষে লৈ পালী—
পহৰীয়া!

শাওণ
১৮৫২ শক