পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 
 

(২১)
আমাৰ হাঁহি ধেমালি;—
কোনে বোলে ইটো নহয়
ৰং-ধেমালি কৰা সময়,
—ধুন-ধুপালি?
আমাৰ হিয়া কুমলীয়া
মুখে মুখে সন্তোষীয়া
ছবি সোণালী,
চকু যুৰিত যুগল প্ৰদীপ
জ্যোতিৰ দীপালী!
চিত্ত সৰল,  মন যে তৰল,
নাচি বাগি দেহা সৱল,
হাঁহি খেলি কটাওঁ কেৱল,
—শৰীৰৰ উত্ৰাৱল!
ৰং-ৰূপহৰ স’তে সদায়
পাতোঁ মিতালি।

জেঠ,
১৮৫৩ শক