পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(২০)
পদূলিতে আজি পুৱা
কোনে মাতে,
মোকে মাতে।
পোহৰে জিকিমিকি!—
বাও দিছেহি ল’নি হাতে-
ৰঙা হাতে বাওদি মাতে।
নেথাকোঁ ঘৰত বৈ
এন্ধাৰত বন্ধ হৈ
ৰঁদ বতাহে  নাচে হাঁহে
হাবি-পথাৰ বনে-বাটে,
মুকলিত উছৱ পাতে!
কুলু কুলু জুৰি আকুল,
ফুলে ফুল উগুল থুগুল,
বনৰ পখি ৰাও দি মাতে;
লুইতৰ বগী সুঁতি-
ঢৌৱে লগায় জোটাপুটি
কোঢ়াল কৰি ঘাটে ঘাটে।

মাঘ।
১৮৫২ শক