পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 
 

(১৯)
সৰগৰে জিকিমিকি,—
অ’ সোণতৰা!
থোপাথুপি নীলাকাশত মিনাকৰা।
জোনাবাইক বেঢ়ি ধৰি
সমাজ পাতি অপেশ্বৰী
লুকালুকি জিকিমিকি
ৰূপৰ ৰহঘৰা।
ভৈয়ামতে আমি সখী
তোমাৰ সভা আছোঁ দেখি
আলাসতে শুৱাই আছা
দেৱতাৰ চ’ৰা

মাঘ,
১৮৫৩ শক