পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 
 

(১৮)
হলি কি তই উটনুৱা,
মলয় পুতলি!
আগলি পাত লাৰি চাৰি
জৰ্‌ জৰ্‌ কৈ লৰ মাৰি
মোকে ৰিঙাৱ;—
ফুৰ্‌ ফুৰ্‌ কৈ পেলাই জুৰ
বাও দি ফুৰ—
ধাও দি ধৰ—
ভাও দি পলাৱ!
মোৰে গাত গা ঘেলাৱ,
ফুৰ উমলি—
(আজি) তোৰ ভুলনিত হাত বুলনিত
মন মুকলি,
ডেও দি ফুৰোঁ  ছেও দি ঘূৰোঁ
পেলাই যুৱলি

জেঠ,
১৮৫২ শক