পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 
 

ঢৌ আহ নাচি নাচি-
জাকে জাকে  লাখে লাখে
বাৰ বৰণৰ কাচন কাচি।
পাৰে পাৰে কি খেল খেলি—
চুমাচুমি গলাগলি,—
বাৰে বাৰে পৰ ঢলি
কি চেনেহৰ কথা যাচি!
থৌকিবাথৌ, —অ’ সৰু ঢৌ,
দেখি লাগে কেনে পুতৌ!
——তোৰে স’তে খেলিম নিতৌ
পানী-জিয়লীত হাঁহি নাচি।

আহাৰ,
১৮৫৩ শক