পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 
 

(১৬)

শুন শুন, আহে কোন!
ভোমৰা—গুণ গুণ
সাৰেং বজায়;
আমাৰ ফুলনিতে
দোক মোকালিতে
সঁহাৰি লগাই-
( ফুৰে) ফুলত বগাই;
ফুল কুঁৱৰীৰ ঘুমতি ভাগিল
চকু মেলি চায়-
গুণ গুণ ভোমোৰা
ৰঙৰে বতৰা
দিলে জনাই
(আজি) ৰাতি পুৱাই!

আহাৰ,
১৮৫৩ শক