পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 
 

(১৫)

পলাশবনত

উৰিল ৰঙা
উছৱৰ নিছান,⸺
মেঘে মেঘে  ৰঙা ফানুচ
আৰিলে কিমান!
কৃষ্ণ-চুড়াৰ  দীঘল-শিখা
ফাঁকুৰে বোলাই,
ফাগুনৰ উপকণ্ঠত
নামতী চৰাই
গছে গছে লগাই দিলে
আদৰণি গান।
মদাৰ-মইনৰ  আগে আগে
ৰঙা ঋতুৰ  কি জুই লাগে?
উগুল-থুগুল  নাহৰ-বকুল
বিটপি বিতান
ফুলৰে শেতেলি সজায়,
ফুলৰে শিতান।

ফাগুন,
১৮৫১ শক