পৃষ্ঠা:প্ৰতিধ্বনি.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

 (১৪)
জলক লাগে লুইতৰ পাৰ—
বিহু আহিল সাজি পাৰি
ৰঙতে দশো দিশ জাতিষ্কাৰ!
সুৱাগী বতাহে গোন্ধ ছটিয়াই
বিহুকে আদৰি যায়;
দেশে দেশে বিয়া খাই
(আহে) নামতী কুলি বাই
আমৰ ডালত দিয়ে জোঁকাৰ, খলক লাগে পাৰ,
—জলক লাগে লুইতৰ পাৰ!
উলুৱনিৰ ওৰণি লৈ
ৰঙৰ কথা কৈ—
পানী তুলি আহে জুৰি
উৰুলি বজাই।
জাত জাত নাম গায়
বনৰে চৰাই।

বহাগ,,
১৮৩৮ শক