পৃষ্ঠা:প্ৰতিধ্বনি.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৫)


ভৰি নাই, মুৰ নাই
নাই নিওতা;-
শূন্যত ওলমি পৰি
বায়ুৰ আঁচল ধৰি—
মেঘ-দেউতা!
পচোৱাত পাৰি দি
দেহা খুলন্তৰ-
কেনে নো আয়ম
কৰা ধুৰন্ধৰ!
বৰণ মলিয়ন—
ধোঁৱা-মোৱা,
গঢ় নাই পিত নাই,
ফাঁকি দি খোৱা;
পৰৰ কান্ধত উঠি
ডাবি-দিওঁতা!

বহাগ, ১৮৫৮শক