পৃষ্ঠা:প্ৰতিধ্বনি.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৬)

জুপজুপ  বৰষুণ
পৰে কি পৰে;
আজি বাৰিষাৰ  লোতক ধাৰোৰ
জৰে কি জৰে।
আষাৰী আঁকৰী
উদুলি মুদুলি
জুটুলe-জুটুলি চুলি-
বাৰ বৰণীয়া
পালী-পহৰীয়া
ডাৱৰে ৰয় দেশ জুৰি,
আহুকাল কৰে;-
এন্ধাৰে জুমাজুমি কৰে,
পানী, সৰে কি সৰে!

আহাৰ,
১৮৫২ শক