পৃষ্ঠা:প্ৰতিধ্বনি.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৪)


সবাহ খাই ঘূৰিলা
 পখিলা বাই,
গাওঁ-ভূঁই ফুৰিলা
 ৰং দেখুৱাই
 পখিলা বাই-
আজিনো কি মন কৰি
 মোৰে ফুলনি বাৰী
 সোমালা বাই!
বুজিছোঁ তোমাৰ বুধি-
 ফুলে ফুলে কথা সুধি
 হইছা শুৱা-
উলটি যোৱা ঘুৰি
 তোমালৈ, টেঙৰী
 ভাগ নাই থোৱা
নোপোৱা ই-ফুলনিত
 জিৰণিৰ ঠাই।

আঘোন,
১৮৫৮শক