পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 

(৩)


মুকুট পিন্ধি সূৰুয-কোঁৱৰ
 ওলাল অকল সৰে,
পূৱাকাশৰ  পৰ্দ্দা পটত
 ৰঙা পোহৰ পৰে-
তোমাক দেখি  জিকি মিকি
 বিলৰ পানী লৰে-
চকু মেলে ফুলৰ ৰাণী,
 চৰায়ে গীত ধৰে।

তুমি গলে  নহয় খেলা,
ৰং ৰূপহৰ  ভাগে মেলা-
 এন্ধাৰ ছাটি ধৰে;—
কিয় কোঁৱৰ আমাক এৰি
মুখ লুকোৱা সন্ধ্যা বেলি,-
 থাকা দেশান্তৰে?

শাওন,
১৮৫৮ শক