পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 
 

(২)

আহি পালে ৰঙৰ সখি
⸺চতৰ কটকী;
তেজেৰে জাননী লেখি
গছে গছে দিলে আঁৰি
ৰমক-জমকী।

দিশে দিশে লাখৰ বাখৰ
ৰহন চৰাই কি,⸺
সোণাৱালী চেলেং উৰি
ওলাল কইনা ৰাংঢালী
বিহুৰ বহাগী⸺

পাতে পাতে বিৰিখৰে মেলে নতুন থোৰ
বনে বনে জকেমকায় নাহৰ চম্পা ফুল⸺
গোন্ধতে বিভোল!

ডালে ডালে জোঁকাৰ দিলে
আকুল বিহগী⸺

কি চেনেহৰ বাতৰি কৈ
—ফেঁহু কুলি পাটমাদৈ
—বনৰ সুৱাগী!

চত,
১৮৫২ শক