পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পোৰাক্লচ্

উলটি নাযায়, তেনেহলে সিহঁতে হেলিকেনাচকে সিহঁতৰ অচল ৰজা পাতি লব।

 পেৰিক্লিচে এই সংবাদ পাই শহুৰেকক জনালে। তেতিয়া চাইমো-নাইড্‌চে কলে, “বৰ সুখৰ বিষয় যে মোৰ জোঁৱাই এজন ৰজা, কিন্তু ৰজা নহৈ কেৱল এজন ভদ্ৰলোক হোৱাহেতেন মোৰ সুখ আৰু কিছু বেছি হলহেতেন; কিয়নো তেনে হলে মই তেওঁক এনেকুৱা অসন্তোষ কৰি মোৰ সুন্দৰী জিয়াৰীৰে সৈতে বিদায় দিব নালাগিলহেতেন।”

 থেইচা এই সময়ত গৰ্ভৱতী আছিল। তেওঁক বাপেকে আৰু পেৰিক্লিচে সমুদ্ৰ যাত্ৰাৰ বহুত অপকাৰ আছে বুলি বুজাই, যাবলৈ বাধা দিছিল; কিন্তু সতী থেইচাই তেওঁলোকৰ বাধা নুশুনি স্বামীৰে সৈতে জাহাজত উঠিল।

 

(৩)

 হায়! পেৰিক্লচৰ লগত সাগৰৰ কেতিয়াও ভাল ভাব নাই। এবাৰ তেওঁক ডুবাইছিল, ই-বেলিও তেওঁৰ প্ৰতি সদয় নহল। থেইচাৰ সৈতে কিছুমান দিন গৈছে, এনেতে এটি ধুমুহা আহিল।

 থেইচা সেই সময়ত গৰ্ভৱতী আছিল। ধুমুহা দেখি তেওঁৰ ভয় লাগিল, আৰু সেই ভয়ৰ পীড়াত তেওঁ এজনী ছোৱালী প্ৰসৱ কৰিলে, আৰু নিজে মূৰ্চ্ছাপন্ন হল। পেৰিক্লিচ এই সময়ত অন্য