পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

এটি কোঠালিত আছিল। থেইচাৰ পৰিচাৰিকা লাইকোৰিডাই তেওঁৰ হাতত এটি সৰু চোৱালী লৈ পেৰিক্লিচৰ আগলৈ নিলে আৰু তেওঁক দেখুৱাই কলে, “মহাৰাজ এই চোৱালী জনী এনেকুৱা অৱস্থাত পৰা সম্পূৰ্ণ অনুপযুক্ত। এওঁ আপোনাৰ মৃত ৰাণীৰ সন্তান।”

 পেৰিক্লিচ এই কথাটি শুনি বজ্ৰাহতৰ নিচিনা হল। তেওঁ কি কৰিব কি নকৰিব একোকে ঠিক কৰিব নোৱাৰা হল। তেওঁ মূৰ্চ্ছিতৰ নিচিনা বাক্-শক্তি-ৰহিত হৈ কিছুমান সময় ৰৈ থাকিল। আৰু যেতিয়াই কথা কব পাৰা হল তেতিয়া কলে, “হে পৰমেশ্বৰ, তোমাৰ সুন্দৰ সুন্দৰ বস্তুবিলাকলৈ আমাৰ ইমান মৰম কৰি দিছা কিয়? আৰু যদি এনেকুৱা তোমাৰ ৰীতি, অলপ পাছত সেইবিলাক কিয় কাড়ি নিয়া?”

 লাইকোৰিডাই কলে, “মহাৰাজ ধৈৰ্য ধৰক। আপদত ধৈৰ্য্য পৰম ঔষধি। এই ছোৱালীজনী আমালোকৰ মৃত ৰাণীৰ জীৱিত বস্তু। এওঁৰ নিমিত্তেই অলপ ধৈৰ্য্য ধৰি শোক দুৰ কৰক। এই মূল্যবান বস্তুটিক এবাৰ চাওক।”

 দাসীৰ কথা শুনি পেৰিক্লিচে চোৱালীটীক কোলাত লৈ কব ধৰিলে, “বাছা, তোৰ স্বভাৱ বিনয়ী হওক, কাৰণ কোনো লৰা-ছোৱালীয়েই এনেকুৱা বিপদ-সঙ্কুল ঠাইত জন্ম লোৱা নাই। কোনো ৰজা বা ৰাজ-কুমাৰৰ সন্তানে পৃথিবীত প্ৰবেশ