পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

হেৰুৱাইছিলোঁ, সেই ঢাল-তৰোৱাল আকৌ মোৰ হাতলৈ আহিব কিয়? সাগৰত যে মোৰ জাহাজ বুৰিছিল সিও একো দূৰ্ভাগ্যৰ কথা নহয়, কাৰণ, থেইচা থকা দেশক আহি, মই আকৌ অসি-চৰ্ম জোৰ পাইছোঁ।”

 পেৰিক্লিচক এই জোৰ অস্ত্ৰ তেওঁৰ পিতাকে দিয়ে সেই নিমিত্তে তেওঁ ইয়াক কেতিয়াও লগৰপৰা নেৰিছিল। পাছ দিনা তেওঁ গৈ চাইমো-নাইড্‌চৰ ৰঙ্গ-ভূমিত উপস্থিত হল আৰু উপস্থিত ৰাজকুমাৰবিলাকৰ ভিতৰত তেওঁ অস্ত্ৰ-চালনাত বিশেষ পাৰদৰ্শিতা দেখুৱালে; সেই নিমিত্তে থেইচাই আনবিলাক ৰাজকুমাৰক এৰি পেৰিক্লিচক নিজৰ হাতত থকা মালাৰে সুশোভিত কৰিলে। থেইছাৰ প্ৰথম দৰ্শনাবধি পেৰিক্লিচ্ তেওঁৰ প্ৰতি অনুৰক্ত হয় আৰু সুন্দৰী থেইচাইও তেওঁৰ প্ৰতি সেই ৰকমে অতিশয় অনুৰক্ত হৈছিল। চাইমো-নাইড্‌চ আৰু তেওঁৰ প্ৰজা সকলোৱে এই বিবাহত অতিশয় সন্তুষ্ট হল।

 এৰিকোলেনাচৰ ভয়ত পেৰিক্লিচে শহুৰেকৰ আগত টায়াৰৰ এজন ভদ্ৰ লোক বুলি পৰিচয় দিছিল। পিছে কিছুমান দিন অতীত হোৱাত তেওঁৰ ৰাজ-ভক্ত মন্ত্ৰী হেলিকেনাচৰপৰা চিঠি পালে— যে এৰিকোলেনাচৰ মৃত্যু হৈছে আৰু তেওঁৰ প্ৰজা-বৃন্দ তেওঁৰ নিমিত্তে বৰ ব্যগ্ৰ হৈছে। যদি অতি শীঘ্ৰে তেওঁ দেশলৈ