পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

জালোৱাই তেওঁক দেখিবলৈ পাই, সিহঁতৰ নাৱত তুলি নি কানি কাপোৰ দিলে, আৰু কলে যে সিহঁতৰ দেশখনৰ নাম ‘পেণ্টোপালিচ’ আৰু ৰজাৰ নাম ‘চাইমো-নাইড্‌চ’। এওঁ বৰ সদাশয়, সেই দেখি তেওঁক মানুহে ‘দয়ালু চাইমো-নাইড্‌চ’ বোলে।

 যেতিয়া পেৰিক্লিচ্ উত্তম ৰূপে আৰোগ্য হল, তেতিয়া এদিন শুনিলে যে কালিলৈ পৰম লাৱণ্যৱতী ৰাজকুমাৰী থেইচাৰ জন্ম দিন। সেইদিনা বহুত ৰজা, ৰাজকুমাৰ, আৰু ভদ্ৰ ভদ্ৰ লোক আহি যুদ্ধ বিদ্যাত নিপুণতা দেখুৱাব; আৰু যেয়ে সকলোতকৈ বেচি পাৰ্গত, থেইচাই তেওঁকেই বৰমাল্য প্ৰদান কৰিব। এই কথা শুনি পেৰিক্লিচৰ মনত বৰ দুখ লাগিল, কিয়নো তেওঁৰ তৰোৱালখন জাহাজ বুৰাত হেৰাইছিল। সেই বাবে তেওঁ আন আন ৰজাবিলাকৰ ভিতৰত এজন হৈ থেইচা-লাভৰ নিমিত্তে চেষ্টা কৰাৰ লালসা মনতে সামৰিব লাগিল।

 পেৰিক্লিচে এই ৰকমে ভাবি আছে, এনেতে এটা জালোৱাই আহি কলে যে সি এজোৰ ঢাল-তৰোৱাল পাইছে, সি বোলে সাগৰত জাল বাই থাকোঁতে সেই জোৰা জালত উঠিছিল। পেৰিক্লিচে চায় যে সেই জোৰা তেওঁৰেই ঢাল-তৰোৱাল। এই দৰে নিজৰ হেৰোৱা অস্ত্ৰ পাই তেওঁ কলে, “হে ভাগ্য! তুমি মোৰ প্ৰতি প্ৰসন্ন, নহলে যি ঢাল-তৰোৱাল এবাৰ অতল জলত