পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্‌

তুমি তেজ মঙহৰ নে? তুমি অপেশ্বৰী নোহোৱা নে? কোৱাচোন, তোমাৰ জন্ম ঠাই কত আৰু তোমাক মেৰিনা বোলে কিয়।”

 মেৰিনাই কলে “মোৰ ধাই লাইকোৰিডাই মোৰ আগত কান্দি কান্দি কৈছিল যে মোৰ জন্ম সাগৰত সেই নিমিত্তে মেৰিনা বোলে। মোৰ মাতা এজন ৰজাৰ জীয়েক আছিল; মই ওপজা মাত্ৰেই তেওঁৰ মৃত্যু হয়। মোৰ পিতাই মোক থাৰচাচত থৈ আহে। পাচত ক্লিয়নৰ দুষ্টা ভাৰ্য্যাই মোক হত্যা কৰিবৰ মনেৰে সাগৰৰ পাৰলৈ পঠাই দিয়াত, এদল দস্যুৱে মোক লগ পাই এই মেটালিনক লৈ আহে। কিন্তু ডাঙৰীয়া, আপুনি কাঁন্দিছে কিয়? আপুনি মোক ভূত বা ডাইনী বুলি ভাবিব পাৰে; কিন্তু মই ৰজা পেৰিক্লিচৰ কন্যা।”

 পেৰিক্লিচে অকস্মাৎ এই আনন্দৰ বাতৰি পাই একেবাৰে অধীৰ হল, আৰু কথাটি সঁচা নে মিছা প্ৰমাণ কৰিবৰ নিমিত্তে ডাঙৰকৈ সঙ্গীবিলাকক মাতিলে। সিহঁতেও, সিহঁতৰ প্ৰিয়- ৰজাৰ মাত শুনি বৰ আনন্দ পালে।

 তেতিয়া পেৰিক্লিচে হেলিকেনাচক কলে “হেলিকেনাচ, মোক অলপ আঘাত কৰা, মোক এটা ভুকু মাৰা, তৎক্ষণাৎ কিছু কষ্ট দিয়া, নহলে এই আনন্দৰ তীব্ৰ স্ৰোত জীৱন-ভেটাই সহিব নোৱাৰিব। আহা! সাগৰত জন্ম পালা, থাৰচাচত অন্তিম ক্ৰিয়া সমাপন হল; আকৌ সাগৰতে পালা। তুমি এই পিনে

২৯