পেৰিক্লিচ্
মই জানিব পাৰিম। তুমি বীৰৰ নিচিনা দুখৰ বিৰুদ্ধে যুঁজ দিছা, আৰু মই তিৰোতাৰ নিচিনা তাৰ হাতত সেও হৈ পৰিছোঁ। তুমি ধৈৰ্য্যৰ প্ৰতিমূৰ্তি, তুমি শত ধৈৰ্য্য-চ্যুতি-কৰা বিষাদক ইতিকিং কৰি হাঁহিছা। হে মোৰ দয়াবতী কুমাৰী, তোমাৰ নামটি কি? মই কাকুতি কৰিছোঁ, তোমাৰ বিবৰণ কোৱা। আহা, মোৰ ওচৰত বহা।”
যেতিয়া মেৰিনাই তেওঁৰ নাম “মেৰিনা” বুলি কলে, তেতিয়া ৰজা বৰ বিস্মিত হল; কাৰণ, তেওঁ জানিছিল যে এই নাম সাধাৰণ নহয়, আৰু সাগৰত হোৱা গতিকে তেওঁৰ ছোৱালীজনীৰ নাম হে ‘মেৰিনা' ৰাখিছিল। সেই নিমিত্তে তেওঁ কলে, “আঃ, তুমি মোক ঠাট্টা কৰিছা; নিশ্চয় কোনোবা দুষ্ট দেৱতাই, সংসাৰৰ হতুৱাই মোক বিদ্ৰুপ কৰিবলৈ তোমাক পঠাইছে।”
মেৰিনাই কলে, “ডাঙৰীয়া ধৈৰ্য্য ধৰক; নহলে মই ইয়াতে ক্ষান্ত হলোঁ।”
পেৰিক্লিচে কলে, “নহয়; বাৰু মই একো নকওঁ; তোমাৰ নাম মেৰিনা বুলি কোৱাত মই কিয় চমক খালোঁ, সেইটো তুমি নাজানা।”
তেওঁ কলে, “সেই নামটো মোৰ পিতাই দিছিল; তেওঁ এজন ক্ষমতাশালী ৰজা।”
পেৰিক্লিচে কলে, “ৰজাৰ জীয়েক আৰু নাম মেৰিনা! কিন্তু