পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

আহা। হেলিকেনাচ পবিত্ৰ পৰমেশ্বৰক আঠু কাঢ়ি সেৱা জনোৱা। এওঁৱেই মেৰিনা। প্ৰিয় সন্তান তোমাৰ কুশল হক। হেলিকেনাচ মোক নতুন পোচাক দিয়া। তেওঁ থাৰচাচত মৰা নাই, কিন্তু পিশাচনী ডাইওনিচিয়াই মাৰিলেহেতেন। যেতিয়া তুমি তেওঁৰ আগত আঠু লই ‘কুমাৰী’ বুলি মাতিবা, তেতিয়া তেওঁ সকলো কব। (লিচিমেকচক দেখি) এইটো কোন?”

 হেলিকেনাচে কলে, “মহাৰাজ, এওঁ মেটালিনৰ শাসন কৰ্তা, আৰু আপোনাৰ দুখৰ বাতৰি পাই আপোনাক চাবলৈ আহিছে।”

 পেৰিক্লিচে কলে “মহাশয়, আপোনাক অভ্যৰ্থনা কৰোঁ। মোক মোৰ কাপোৰ যোৰ দিয়া। মই অলপ ভালকৈ পিন্ধো— হে পৰমেশ্বৰ মোৰ কন্যাক আশীৰ্বাদ কৰা! কিন্তু শুনাচোন! আহা! কি সুমধুৰ ধ্বনি উঠিছে”— এতিয়া তেওঁ নিজৰ মনৰ আনন্দৰ আবেগতে অথবা, কোনো দেৱতাৰ অনুগ্ৰহতে, এটি সুমিষ্ট সৰু গীত শুনিছিল।

 হেলিনাচে কলে, “মহাৰাজ মই একো শুনা নাই।”

 “একো নাই! কিয়, এইটো গীত?” পেৰিক্লিচে বিস্মিত হৈ উত্তৰ কৰিলে।

 একো গীত শুনা নোযোৱাৰ নিমিত্তে, লিচিমেকচে ভাবিলে যে ইয়াৰ কাৰণ বেছি আনন্দই; আৰু কলে “তেওঁক ইয়াত বাধা

৩০