পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্‌

ইয়ালৈ আহিছে। তেওঁ শোকতে তিনি মাহ একো কথা কোৱা নাই। আৰু পাছত মেৰিনাই যেন জীৱন, বাক-শক্তি দিব পাৰে এই ভাবেৰে ক’লে, “সুন্দৰী, তুমি ৰজাজনক পুনৰায় পূৰ্বৰ আনন্দ উৎসাহ আৰু স্বাস্থ্য দান কৰা।”

 মেৰিনাই বিনীত ভাবে কলে, “ডাঙৰীয়া, মই মোৰ সাধ্য অনুসৰি আপোনাৰ কথা মতে কাম কৰিবলৈ যত্ন কৰিম; কিন্তু এই প্ৰাৰ্থনা যেন মই তেওঁক সান্ত্বনা কৰাৰ সময়ত, তাত মই আৰু মোৰ সখীত বাজে আন কোনো থাকিবলৈ নাপায়।”

 লিচিমেকচে হেলিকেনাচক কই সেইদৰে কাম কৰিলে, আৰু অপৰিচিত পিতা-কন্যা একত্ৰ হল। ৰজাৰ কুঁৱৰী দাসী হৈ আছে, এই কথা কবলৈ লাজ পাই মেটালিনত মেৰিনাই তেওঁৰ জন্ম বিবৰণ কোৱা নাছিল। তালৈ গই তেওঁৰ কাহিনী প্ৰথমে পিতাকৰ আগত কব ধৰিলে; আৰু এনেকৈ কলে যেন তেওঁ জানিছিল হে যে তেওঁৰ পিতাক আগতে দুখমগ্ন হৈ বহি আছে।

 কিন্তু তেওঁ বাস্তবিকে জানিছিল যে, আনক সান্ত্বনা কৰিব লাগিলে, যদি নিজৰ কথা কোৱা যায়, তেনেহলে সোনকালে শান্ত হয়। ইয়াৰ কাৰণ এই, উভয়ৰে দুখ ৰিজালে নিজৰ দুখ কিছু কম যেন লাগে। মেৰিনাৰো ইয়াত বাজে আন একো

অভিপ্ৰায় নাছিল। তেওঁৰ এনে এটি দৃঢ় বিশ্বাস আছিল যে

২৬