পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

আৰু পাছত কলে, “হে মহাৰাজ! পৰমেশ্বৰে আপোনাৰ মঙ্গল কৰক।” কিন্তু তেওঁৰ চেষ্টা বৃথা হল। পেৰিক্লিচে তাত যে কোনোবাই কিবা কৈছে সেইটোৰ গমেই নাপালে— উত্তৰ দিয়া দূৰৈৰ কথা।

 লিচিমেকচে একো উত্তৰ নাপাই বৰ বেজাৰ পালে। তাৰ পাছত মনে মনে ভাবিলে যে সুন্দৰী মেৰিনাই তেওঁৰ মিঠা কথা বতৰাৰে এওঁৰ মুখৰ পৰা কোনো প্ৰকাৰ কথা উলিয়াব পাৰিবও পাৰে। এই ভাবি, তেওঁক আনিবৰ নিমিত্তে এখন সৰু নাও পঠাই দিলে।

 

(১৩)

 যেতিয়া মেৰিনা তেওঁৰ শোকমগ্ন পিতাক থকা জাহাজ খনত উঠিল, তেতিয়া তাৰ নাবিক বিলাকে তেওঁৰ সৌন্দৰ্য্য, আৰু জেকনি লগা ঠাইত থকা গোলাপৰ ম্লান আভাৰ দৰে, তেওঁৰ সুন্দৰ মুখত বিষাদৰ ছাঁ দেখি একে লগে মোহিত আৰু দুখিত হল, আৰু সাদৰেৰে জাহাজলৈ আনি নানা প্ৰকাৰ আলোচনা কৰিব ধৰিলে। অৱশ্যে, লিচিমেকচে সিহঁতে তেওঁৰ প্ৰিয়তমা বালিকাৰ প্ৰতি কোৱা কথাবাৰ্তা শুনি বৰ প্ৰীতি পাইছিল। তাৰ পাছত তেওঁ মেৰিনাক মাতি কলে যে সেই জাহাজ খনত এজন ৰজা আছে, তেওঁ তেওঁৰ ৰাণী আৰু কন্যা হেৰুৱাই

২৫