পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

নিজৰ দুখৰ কাহিনীৰে আনক শান্ত কৰা সহজ কথা। মেৰিনাৰ কোকিল-বিনিন্দিত সুৰত শোকাহত ৰজা শীঘ্ৰে জাগি উঠিল; তেওঁ তিনিমাহ অবধি গতিহীন হৈ থকা চকু দুটি ওপৰলৈ তুলি মেৰিনাক দেখিবলৈ পালে।

 মেৰিনাৰ গঠন ঠিক মাকৰ নিচিনা। পেৰিক্লিচে হঠাৎ তেওঁৰ প্ৰিয়তমা পত্নীৰ অনুৰূপ আকৃতি দেখি আনন্দ ও বিস্ময়ত বুৰ গল। ইমান দিন নীৰৱে থকা ৰজাই আকৌ মাত লগাই কলে, “মোৰ প্ৰিয়া ভাৰ্য্যা ঠিক্ এইজনী ছোৱালীৰ নিচিনা আছিল, আৰু মোৰ ছোৱালীজনী জীয়াই থাকিলে, ঠিক এওঁৰে নিচিনাই হলহেতেন। এওঁৰ ভ্ৰু ঠিক মোৰ পত্নীৰ ঈষদ বঙ্কিম ভ্ৰুৰ নিচিনা, এওঁৰ চেহেৰা ঠিক তেনে, মাতো তেওঁৰ অনুৰূপ, আৰু চকু দুটিও সম্পূৰ্ণ ৰূপে তেনে। হে সুন্দৰী, তুমি কত থাকা? তোমাৰ পিতৃ-মাতৃৰ নাম কি? এতিয়াই শুনা যেন পালোঁ, তুমি কৈছিলা যে তোমাৰ বৰ দুখ হৈছে আৰু তোমাৰ দুখ মোৰ দুখেৰে সৈতে তুলনা কৰিলে উভয়ে সমান হব।”

 মেৰিনাই কলে, “তেনেকুৱা কিবা অলপ কৈছিলোঁ, সেইবিলাক মোৰ দুখৰ কথা।”

 পেৰিক্লিচে মাত লগালে, “বাৰু, তোমাৰ কথা আটাইখিনি

কোৱা। তেনেহলে তুমি মোৰ দুখৰ পৰিমাণ বুজিছা নে নাই

২৭