পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

 যথা সময়ত পেৰিক্লিচ থাৰচাচত উপস্থিত হলত, ক্লিয়নে আৰু তেওঁৰ প্ৰজা সমূহে তেওঁক যথোচিত সম্মান আৰু আদৰেৰে অভ্যৰ্থনা কৰিলে, আৰু যেতিয়া ক্লিয়নে পেৰিক্লিচৰ সকলো বিপদ জানিব পাৰিলে, তেতিয়া তেওঁক সহানুভূতি দেখুৱাই কলে, “যদি পৰমেশ্বৰে আপোনাৰ সুন্দৰী ৰাণীক মোৰ চকুৰ তৃপ্তি সাধিব আনিলেহেতেন তেনেহলে বৰ সুখী হলোঁহেতেন।”

 পেৰিক্লিচে দুখেৰে কলে “আমালোকে ওপৰত থকা প্ৰভুৰ ক্ষমতা মতে চলিবলৈ বাধ্য। মই মোৰ থেইচা শুই থকা সাগৰৰ দৰে তৰ্জন গৰ্জন কৰিলেও, চৰম ফল যি হব লাগে হবই। মোৰ শান্ত সন্তান মেৰিনাক আপোনাৰ অনুগ্ৰহৰ ওপৰত থব লগাত পৰিলোঁ। আপোনাসকলক, ছোৱালী জনীক ৰাজকুমাৰীৰ নিচিনা শিক্ষা দিবলৈ প্ৰাৰ্থনা কৰি মই তেওঁক ইয়াতে এৰিলোঁ।”

 তেতিয়া তেওঁ ডাইওনিচিয়াক কলে, “ভদ্ৰে, তুমি মোৰ ছোৱালী জনীৰ প্ৰতি তত্ত্বাবধান লৈ, মোক সুখী কৰিব বুলি আশা কৰোঁ।”

 ডাইওনিচিয়াই উত্তৰ কৰিলে, “মহাৰাজ, মোৰ এজনী ছোৱালী আছে; মই আপোনাৰ ছোৱালী জনীক তাতকৈ বেয়া ভাবে নেদেখিম।”

১৩