পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

 আৰু ক্লিয়নেও সেইদৰে প্ৰতিজ্ঞা কৰি কলে, “ৰাজন! যদি মই আপোনাৰ ছোৱালী জনীক ভাল ৰূপে আদৰ নকৰোঁ, তেনেহলে মোৰ প্ৰজাবিলাকে মোক তেনে কৰিবলৈ বাধ্য কৰিব; কাৰণ আপুনি যে দুৰ্ভিক্ষ সময়ত তেওঁলোকক খুৱাইছিল তেওঁলোকে সেইটো পাহৰা নাই, আৰু তাৰ নিমিত্তে সদায় আপোনাক প্ৰশংসা কৰে। আৰু যদিও তেওঁলোকৰ কথাতো কাণ নিদিওঁ, তেনেহলে পৰমেশ্বৰে বংশানুক্ৰমে আমাক ইয়াৰ প্ৰতিফল দিব।”

 ক্লিয়ন আৰু তেওঁৰ পত্নীৰ এনেকুৱা অঙ্গীকাৰ শুনি পেৰিক্লিচ তেওঁৰ ছোৱালী জনীৰ প্ৰতি একেবাৰে নিশ্চিন্ত হল। আৰু মেৰিনাক ধাই লাইকোৰিডাৰে সৈতে তেওঁলোকৰ লগত থৈ স্বদেশ অভিমুখে যাত্ৰা কৰিলে। মেৰিনা কেচুৱা, কেতিয়া কি হল কব নোৱাৰে; কিন্তু লাইকোৰিডাই তেওঁৰ প্ৰভু যোৱা দেখি দুখতে কাঁদিলে। তেতিয়া পেৰিক্লিচে তেওঁক সন্তুষ্ট কৰিবৰ নিমিত্তে কলে; “লাইকোৰিডা নেকান্দিবা, তোমাৰ সৰু কৰ্ত্ৰীৰ প্ৰতি চাই তোমাৰ শোক দূৰ কৰা।” এই বুলি পেৰিক্লিচ তৃতীয় বাৰ জাহাজত উঠি নিজ দেশলৈ গল।

 

(৭)

 দুই বাৰ জাহাজত উঠিছে, দুইও বাৰে তেওঁৰ বিপদ। কিন্তু এই বেলি সাগৰে তেওঁক অলপ অনুগ্ৰহ দেখুৱাই নিৰাপদে

১৪