পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্‌

যে সাগৰত আহিছিলোঁ সেইটো কব পাৰোঁ; তাৰ পাছত কি হৈছিল একো ঠিক কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া মই মোৰ স্বামীক কেতিয়াও নেদেখিম, তেতিয়া মোৰ পক্ষে ধৰ্মাচৰণেই ভাল। মই আৰু কেতিয়াও আনন্দ নকৰোঁ।”

 তেতিয়া চেৰিমনে কলে, “আই, তুমি যেনেকৈ কৈছা যদি সেই ৰকমে ইচ্ছা কৰা, তেনেহলে ‘ডাইনাৰ’ মন্দিৰলৈ বেচি দূৰ নহয়, তাতে এজনী সন্ন্যাসিনী হৈ থাকিব পাৰা, আৰু যদি ইচ্ছা কৰা মোৰ এজনী ভ্ৰাতুষ্পুত্ৰীয়ে তোমাক তাত সেৱা শুশ্ৰূষা কৰিব।” থেইচাই ধন্যবাদ দি এই প্ৰস্তাৱত মান্তি হল, চেৰিমনে তেওঁক ডাইনাৰ মন্দিৰত থলে। থেইচা তাত এজনী সন্ন্যাসিনী হৈ স্বামীৰ নিমিত্তে শোক আৰু মঙ্গল কামনা কৰি উৎকৃষ্ট ধাৰ্মিক ভাবে কাল যাপন কৰিব ধৰিলে।

 

(৬)

 পেৰিক্লিচে ছোৱালী জনীৰ নাম, সাগৰত হোৱা গতিকে, “মেৰিনা” ৰাখিলে। তেওঁ থাৰচাচৰ শাসনকৰ্তা ক্লিয়ন আৰু তেওঁৰ স্ত্ৰী ডাইওনিচিয়াৰ লগত ছোৱালী জনীক ৰাখিব বুলি সেই ঠাইলৈ লই গল, কাৰণ তেওঁ সেই প্ৰদেশবাসী বিলাকক দুৰ্ভিক্ষৰ সময়ত সহায় কৰিছিল আৰু এই নিমিত্তে ভাবিছিল যে তাৰ

শাসনকৰ্তা ও তেওঁৰ স্ত্ৰীয়ে ছোৱালী জনীৰ তত্ত্বাবধান লব পাৰে।

১২