পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

 এইবিলাক ভাবি তেওঁ একুৰা জুই ধৰিব কলে, আৰু সুন্দৰ মনোহৰ গান গাব কলে। তেওঁ ভাবিছিল এইবিলাকে থেইচাৰ মূৰ্চ্ছা ভঙ্গ কৰিব পাৰে আৰু থেইচাৰ চাৰিপিনে থকা মানুহবিলাকক কলে, “ডাঙৰীয়া সকল, তেওঁৰ গাত বিশুদ্ধ বতাহ লাগিব দিয়ক; এই ৰাণী জনা নিশ্চয় জী উঠিব। তেওঁ পাঁচ ঘণ্টাতকৈ বেছি সময় বাকচৰ ভিতৰত থকা নাই; আৰু চাওকচোন পীৰঠি লৰিব লাগিছে। এই সুন্দৰ প্ৰাণীটিএ আমালোকক তেওঁৰ দুখ শুনাই কন্দুৱাব। নিশ্চয় জীয়াই আছে।”

 থেইচা কেতিয়াও মৰা নাছিল। সন্তান প্ৰসৱ হোৱাৰ পাচতে মূৰ্চ্ছা খায়। প্ৰসব বেদনা আৰু ধুমুহাৰ ভয়ে এওঁৰ এই মূৰ্চ্ছাৰ কাৰণ। তেওঁ এনেকৈ মূৰ্চ্ছা গৈছিল যে যেয়ে দেখে সেয়ে মৰা বুলি ভাবিছিল। এতিয়া সদাশয় দয়ালু চেৰিমনৰ যত্নত আকৌ জীৱন পাই চকু মেলি কলে, “মই কত আছোঁ? মোৰ পেৰিক্লিচ কত? এই খন কি দেশ?”

 চেৰিমনে লাহে লাহে মিঠা মাতেৰে থেইচাক তেওঁ নজনাকৈ যি যি ঘটনা ঘটিছিল সেইবিলাক সংক্ষেপে কলে, আৰু যেতিয়া সকলোবিলাক শুনিবৰ নিমিত্তে যথেষ্ট সবল হল তেতিয়া তেওঁৰ স্বামীয়ে লিখা কাগজ খন দেখুৱালে। তেতিয়া থেইচাই

কাকত খন চাই কলে “এইবিলাক মোৰ স্বামীৰ আখৰ। মই

১১