পৃষ্ঠা:পেৰিক্লিচ্‌.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেৰিক্লিচ্

চাকৰবিলাকে তেওঁৰ ওচৰলৈ এটি বৰ ডাঙৰ বাকচ লৈ আহিল। সিহঁতে কলে যে সাগৰৰ ঢৌত বাকচটি পাৰত পৰিছিল। সিহঁতৰ এজনে কলে, “এনেকুৱা ঢৌ মই কেতিয়াও দেখা নাছিলোঁ।”

 চেৰিমনে বাকচটি নিজ ঘৰলৈ নিলে আৰু খুলি আশ্চৰ্য্যেৰে সৈতে এজনী সুন্দৰী ভদ্ৰ মহিলা দেখিলে। যেতিয়া তেওঁ সুগন্ধি মছলাৰ গন্ধ পালে আৰু মূল্যৱান গহনা বিলাক দেখিলে, তেতিয়া তেওঁ ভাবিলে যে এনেকুৱাকৈ আশ্চৰ্য্যৰূপে অহা তিৰোতা জনী নিশ্চয় কোনো ডাঙৰ মানুহৰ। তেওঁ বিশেষ অনুসন্ধান কৰি দেখিলে যে তাত এখন কাগজ আছে। কাকত খন পঢ়ি চাই সেইজনী কোন, সেই বিষয়ে বিশেষ জানিলে আৰু ঘটনাৰ আশ্চৰ্য্যতা শলাগিলে। আৰু থেইচাৰ স্বামীৰ উদ্দেশে বিশেষ দুখ কৰি কলে, “পেৰিক্লিচ, যদি তুমি জীৱিত আছা, তেনেহলে নিশ্চয় তোমাৰ বুকু শোকত ফাটোঁ ফাটোঁ হৈছে।” তেওঁ নিজেও বহুত দুখ কৰিলে।

 চেৰিমনে থেইচাৰ মুখৰ পিনে মনোযোগেৰে সৈতে চাই দেখিলে যে তেওঁৰ মুখত মৃত্যুৰ চিহ্ন একো দেখা নাযায় আৰু মুখখনো জীৱিত মানুহৰ মুখৰ নিচিনা দেখায়। সেই নিমিত্তে তেওঁ ভাবিলে “থেইচাক যিবিলাকে পেলাইছে, সিহঁতে বহুত লৰালৰি কৰিছিল,

কিয়নো মোৰ বিশ্বাস যে এই ৰাণী মৰা নাই।”

১০